IJMRR - International Journal of Multidisciplinary Research & Reviews
Int. J. Multidiscip. Res. Rev.
DOI Prefix: 10.56815
I J M R R
Int. J. Multidiscip. Res. Rev.

International Journal of Multidisciplinary Research & Reviews

Peer Reviewed | Multidisciplinary | UGC Aligned | C | O | P | E Ethical Standard

ISSN: 2945-3135 | Digital Archiving | CrossRef Member
IJMRR - International Journal of Multidisciplinary Research & Reviews

International Journal of Multidisciplinary Research & Reviews

Peer Reviewed · Multidisciplinary · UGC Aligned · C | O | P | E Ethical Standard

ISSN: 2945-3135 | Digital Archiving | CrossRef Member
DOI DOI Prefix: 10.56815
Vol. 4 (2025) No. 4: 2025 (2025)

[গৱেষণা প্ৰবন্ধৰ আইডি: ৪৯০২৭] শিক্ষাৰ ওপৰত ছচিয়েল মিডিযাব প্রভার

ড° বিভা হাজৰিকা

ছ'চিয়েল মিডিয়াসমূহ অৰ্থাৎ ইন্টাৰনেট, ইমেইল, ফেচবুক, ইউটিউব, টুইটাৰ, ইনস্ট্রাগ্রাম আদিৰ জৰিয়তে এক মূহুৰ্ততে বিশ্বৰ এটা প্ৰান্তৰ পৰা আন এক প্ৰান্তলৈ যোগাযোগ সম্ভৱ হৈছে। ইয়াৰ দ্বাৰা বাতৰি, ছবি, গ্রাফিক্স, দৃশ্য, ঘটনাৰ চলন্ত ৰূপ আদি দূৰ-দূৰান্তৰলৈ পঠোৱা সম্ভৱ হৈছে। সেয়ে ছ'চিয়েল মিডিয়াসমূহৰ জনপ্রিয়তা বর্ণনাতীতভাৱে বৃদ্ধি পাইছে। ম'বাইলত ইণ্টাৰনেট নাথাকিলে মানুহ এতিয়া স্থবিৰ হৈ পৰা দিন আহিছে। কাৰণ এই মাধ্যমবোৰৰ জৰিয়তে সকলোৱেই সম্ভৱ। ছচিয়েল মিডিয়াত যিহেতু যুৱপ্ৰজন্ম বেছি সক্রিয় হৈ থাকে গতিকে শিক্ষাৰ লগত ছচিয়েল মিডিয়া ওতঃপ্রোত ভাৱে জড়িত হৈ আছে। যুৱ প্ৰজন্মৰ মানসিক স্তৰ গঢ়াত বিশেষ ভূমিকা পালন কৰিছে ছচিয়েল মিডিয়াই। আমাৰ গৱেষণা পত্ৰখনৰ মূল বিষয় হ'ল শিক্ষাৰ ওপৰত ছচিয়েল মিডিয়াৰ প্ৰভাৱ। গতিকে ছচিয়েল মিডিয়াত শিক্ষাৰ ওপৰত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিছে লগতে ইয়াৰ ভাল দিশ / বেয়া দিশৰ কাৰণ সম্পৰ্কেও আলোচনা কৰা হৈছে। বৰ্তমান সময়ত ছচিয়েল মিডিয়াই মানৱ সমাজক গ্ৰাস কৰিছে। পুৰণি চামক বাদ দি এনেকুৱা কোনো ব্যক্তি নাই যি ছচিয়েল মিডিয়াৰ লগত যুক্ত হৈ থকা নাই। বহুতে ছচিয়েল মিডিয়াৰ প্ৰভাবৰ বিষয়ে ভাল বেয়া দিশবোৰ সমালোচনা কৰিছে। সমালোচনা কৰিবৰে কথা, যিয়ে মানুহৰ জীৱন ধাৰণৰ প্ৰণালীয়েই সুকীয়া কৰিছে তাৰ সমালোচনাৰ প্ৰয়োজন আছে। কথা হ'ল আমি সমালোচনা কৰোঁ বা নকৰোঁ কিন্তু ইয়াৰ প্ৰচাৰ প্ৰসাৰ আৰু মানুহৰ ওপৰত ছচিয়েল মিডিয়াৰ প্ৰভাৱ বাৰুকৈয়ে মন কৰিবলগিয়া। ই মানুহৰ মানসিক স্তৰ পৰ্যন্ত বিয়পি পৰিছে। ৰাতি পুৱাৰ পৰা ৰাতিলৈকে প্রতি মূহূর্ততে মবাইল আৰু ছচিয়েল মিডিয়াৰ প্ৰভাৱ পৰিছে। প্রধানত কম বেছি পৰিমানে ছচিয়েল মিডিয়াই কিতাপৰ প্ৰয়োজন পূৰণ কৰিছে। ই শিশুৰ মানসিকতা সলনি কৰিছে। গতিকে গৱেষণা পত্ৰত শিশুসকলে/ ছাত্রই কেনেদৰে ছচিয়েল মিডিয়াৰ পৰা শিক্ষা গ্রহণ কৰিছে বা ইয়াৰ শিক্ষাৰ ওপৰত পৰা প্ৰভাৱ সম্পৰ্কে আমাৰ গৱেষনা পত্ৰখনত আলোচনা কৰা হৈছে।

Keywords:
মিডিয়া শিক্ষা ইণ্টাৰনেট যুৱ প্ৰজন্ম ।