[10] ভূপেন হাজৰিকাৰ গীতি-ভাবনাত শঙ্কৰদেৱ

গৱেষণা পত্ৰৰ তথ্য:- জমা দিয়াৰ তাৰিখ: Jan 27, 2026, পুনৰীক্ষণৰ তাৰিখ: Feb 10, 2026, গ্ৰহণৰ তাৰিখ : Feb 14, 2026, ক্রছৰেফ ডি.অ'আই.: https://doi.org/10.56815/ijmrr.v5i2.2026.86-92, কেনেকৈ উদ্ধৃতি দিব: বসন্ত বৰা (2026). ভূপেন হাজৰিকাৰ গীতি-ভাবনাত শঙ্কৰদেৱ . ইণ্টাৰন্যাশনেল জাৰ্ণেল অফ মাল্টিডিসিপ্লিনাৰী ৰিচাৰ্চ আৰু ৰিভিউছ, 5(2), 86-92.

Authors

  • ড০ বসন্ত বৰা সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, ননৈ মহাবিদ্যালয়, ননৈ, নগাঁও(অসম), ভাৰত

Icon

https://doi.org/10.56815/ijmrr.v5i2.2026.86-92

Abstract

মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ অসমৰ জাতীয় জীৱনৰ গুৰু । তেওঁ একশৰণ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচনা কৰা বিভিন্ন গীত-পদ-নাটক আদিৰে সমসাময়িক অসমীয়া সমাজখনত গা কৰি উঠা ধৰ্মীয় গোৰামি, জাত-পাতৰ বিচাৰ, কুসংস্কাৰ, উশৃংখলতা আদি দূৰ কৰি সমন্বয়-সংহতি পূৰ্ণ এখন সমাজ গঢ়িবলৈ অহোপুৰুষাৰ্থ কৰিছিল । সেয়ে তেওঁ কীত্তৰ্ন-ঘোষাৰ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ খণ্ডৰ ৩৮ নং পদত লিখিছিল- 'ব্ৰাহ্মণৰ চণ্ডালৰ নিবিচাৰি কুল /দাতাত চোৰত দৃষ্টি সমতুল //'১ । বিশ্বজনীন সদ্ভাৱনাৰে অসমীয়াৰ মনত-প্ৰাণত সংস্কাৰমুখী পৰিৱেশ ৰচনা কৰা শঙ্কৰদেৱৰ আদৰ্শবাদী চিন্তা-চেতনা তেৰাৰ শিষ্য-প্ৰশিষ্যসকলকে প্ৰমুখ্যে কৰি বৰ্তমানৰ বহু শিল্পী-সাহিত্যিকৰ ৰচনাৰাজিত বিচাৰি পোৱা যায় ।

ভূপেন হাজৰিকা অসম তথা ভাৰতৰ এজন স্বনামধন্য গীতিকাৰ । তেওঁ দৃঢ়তাৰে আধুনিক অসমীয়া গীতি-সাহিত্যক বিশ্বমুখী গতি প্ৰদান কৰিবলৈ প্ৰয়াস কৰিছিল । হাজৰিকাই স্বকীয় গীতি-চেতনাৰে সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক আদি বিষয়ৰ বহু প্ৰাসংগিক গীত ৰচনা কৰিলেও তেওঁৰ কিছু সংখ্যক গীতত প্ৰতিভাত হোৱা মহাপুৰুষ শঙ্কৰদেৱৰ আদৰ্শ আৰু তেৰাৰ প্ৰতি থকা অচলা ভক্তি মনকৰিবলগীয়া । ১৯৩৭ খ্ৰীষ্টাব্দত ১১ বছৰ বয়সত গীতিকাৰজনে ৰচনা কৰা "কুসুম্বৰ পুত্ৰ শ্ৰীশঙ্কৰ গুৰুৱে ধৰিছিল নামৰে তান" শীৰ্ষক গীতটিয়ে এই দিশৰ প্ৰমাণ । গীতটিত কুসুম্বৰ ভূঞাৰ পুত্ৰ শঙ্কৰদেৱে পৱিত্ৰ বৰদোৱা থানত হৰিনামৰ মাহাত্ম্য প্ৰচাৰ কৰি আধ্যাত্মিক আনন্দ বিলোৱা; ৰজাঘৰীয়াৰ পৰা যন্ত্ৰণা ভোগ কৰিও জনসাধাৰণৰ কল্যাণৰ বাবে সেই দুখলৈ পিঠি দি অসমৰ গাঁৱে-ভূঞে নামঘৰ সাজি, ভাওনা-বৰগীতেৰে ৰাইজক একত্ৰিত কৰি সংহতি স্থাপন কৰা বৰ্ণনা গুৰুজনাৰ প্ৰতি থকা শ্ৰদ্ধা-ভক্তিৰে পৰিচায়ক বুলি উল্লেখ কৰিব পাৰি—

‘‘কুসুম্বৰ পুত্র শ্রীশঙ্কৰ গুৰুৱে

ধৰিছিল নামৰে তান,

নামৰে সুৰতে আনন্দত নাচিছিল

পৱিত্র বৰদোৱা থান, মোৰ গুৰু ঐ,

পৱিত্র বৰদোৱা থান ।

অশেষ যাতনা ভুঞ্জিলা শ্রীশঙ্কৰ

ধৰমৰ নামতে তুমি

সকলো দুখলৈ পিঠি দিলা গুৰু

ধন্য অসম ভূমি মোৰ গুৰু ঐ,

ধন্য অসম ভূমি।।’’২

ভূপেন হাজৰিকাই জগত গুৰু শঙ্কৰদেৱৰ অৱদানক আধুনিক গীতৰ ভাবনাৰে ভক্তিযুক্ত ভাৱে সোঁৱৰণ কৰি তেৰাৰ অবৰ্তমানত অনুভৱ কৰা কাৰুণ্যতা পাঠক-শ্ৰোতাৰ আগত ৰসবোধৰে তুলি ধৰা গীতটিৰ প্রসংগত পুলিন কলিতাই “অগ্নিযুগৰ ফিৰিঙতি” গ্ৰন্থত আগবঢ়োৱা মন্তব্য এনেধৰণৰ –

● স্কুলীয়া ছাত্র হৈ থাকোতে, ১৯৩৭ চনত কলম হাতত তুলি লৈয়েই তেওঁ যি লিখিলে, শংকৰদেৱৰ স্মৃতিত ৰচিত ই এটা মনোৰম কবিতা । দীর্ঘ পয়াৰ ছন্দৰ কবিতাটোৰ ভাবে ক'তো উজুটি খোৱা নাই, দক্ষ কবিৰ দৰে লিখি পেলাইছে তেওঁ কবিতাটো । শংকৰদেৱক শ্রদ্ধা নিবেদিবলৈ আমাৰ ভাষাত চৰিত পুথিকে ধৰি অসংখ্য প্রবন্ধ-কবিতা ৰচিত হৈছিল । কিন্তু মাত্র এটা শাৰীত শংকৰদেৱৰ সৃষ্টিৰাজিৰ উল্লেখেৰে তেৰাৰ প্রতি আন্তৰিক শ্রদ্ধা নিবেদন কৰিব পৰাটো কৃতিত্বৰ পৰিচায়ক-বিশেষতঃ তেতিয়া হাজৰিকাৰ বয়স আছিল দহ/এঘাৰ বছৰমানহে । বিশেষকৈ দুটা শাৰীৰ পাঠে আমাক এজন শব্দ প্রয়োগত সিদ্ধহস্ত, দক্ষ কবিৰ কথা মনত পেলাই দিয়ে- ‘নামঘৰ সাজিলা, ৰাইজক থাপিলা একতাৰ আসনত আনি/ভাওনা-সোণতে বৰগীত-সুৱগা প্রচাৰিলা দেৱবাণী ।’৩

ভূপেন হাজৰিকাই ‘মহাবাহু ব্রহ্মপুত্র মহামিলনৰ তীৰ্থ’ শীৰ্ষক গীতটিত ব্ৰহ্মপুত্ৰৰ দুপাৰৰ ঐতিহ্য বৰ্ণনা কৰিবলৈ গৈ ‘সুদূৰ কান্যকুব্জৰেপৰা বাৰভূঞা আহিছিলে/সেই বংশতে শঙ্কৰদেউ ইয়াতে জনমিলে'৪ বুলি বৰ অসমৰ খনিকৰ স্বৰূপ শংকৰদেৱৰ পূৰ্বপুৰুষৰ কথা উপস্থাপন কৰি অসম নামৰ ভূখণ্ডত প্ৰব্ৰজনৰ প্ৰাচীনতা আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত জাতি-জনগোষ্ঠীৰ অৱদান শ্ৰদ্ধাৰে স্বীকাৰ কৰিছে ।

Keywords:

ভূপেন হাজৰিকা, বৈষ্ণৱ ধৰ্ম, কৰা শঙ্কৰদেৱ, সমীয়া সমাজ, আধ্যাত্মিক আনন্দ

Author Biography

ড০ বসন্ত বৰা, সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, ননৈ মহাবিদ্যালয়, ননৈ, নগাঁও(অসম), ভাৰত

 

 

Downloads